বিজেপি প্ৰাৰ্থীৰ ভাগ্য উদয় : মনোনয়ন প্ৰত্যাহাৰ পৌৰসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থীৰ

By

Published : Feb 20, 2022, 9:52 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

বৰপেটাৰোড পৌৰসভা নিৰ্বাচনৰ পূৰ্বে দুগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত (Two BJP candidates elected uncontested in Barpetarod ) ৷ মনোনয়ন দাখিল কৰিও পৰৱৰ্তী সময়ত অজ্ঞাত কাৰণত দুগৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে (Independent candidate withdraws nomination in Barpetarod ) ৷ চহৰখনৰ 5 নম্বৰ ৱাৰ্ডৰ পৰা কংগ্ৰেছ, অগপ, চি পি আই এমে প্ৰাৰ্থীত্ব দিয়া নাই যদিও নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল একমাত্ৰ পিংকী প্ৰসাদ নামৰ প্ৰাৰ্থী গৰাকীয়ে ৷ কিন্তু আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনটোত 5 নম্বৰ ৱাৰ্ডৰ পিংকী প্ৰসাদে তেওঁৰ মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰে ৷ একেদৰে, বৰপেটাৰোড চহৰৰ 6 নম্বৰ ৱাৰ্ডত একমাত্ৰ বিজেপি প্ৰাৰ্থী হিচাপে গীতুমণি দাসে মনোনয়ন দাখিল কৰিছিল ৷ সেয়ে বৰ্তমানলৈকে বৰপেটাৰোড চহৰত দুজনকৈ বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে জয়লাভ কৰিছে ৷ অন্যহাতে বৰপেটাৰোড চহৰৰ 4 নম্বৰ ৱাৰ্ডত বিজেপি, চি পি আই এম আৰু দুজনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ৷ কিন্তু দেওবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত 4 নম্বৰ ৱাৰ্ডৰ এজন নিৰ্দলীয় প্ৰাৰ্থী কিশোৰ সাহাই তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত 4 নম্বৰ ৱাৰ্ডত প্ৰাৰ্থীৰ সংখ্যা হল গৈ তিনিজন ৷

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.