thumbnail

By

Published : Feb 27, 2022, 9:26 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Majuli by election 2022 : মাজুলীৰ ৰাইজে নিমাতী কইনাক দিশপুৰলৈ নপঠায় : লুৰিণজ্যোতি গগৈ

সমাগত মাজুলী সমষ্টিৰ উপ নিৰ্বাচন (Majuli by Election 2022) ৷ 7 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব সমষ্টিটোত ৷ তাকে লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ ৷ শাসক-বিৰোধী সকলোৰে দৃষ্টি নিৱদ্ধ হৈ পৰিছে মাজুলীৰ আসনখনৰ প্ৰতি ৷ তদুপৰি নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাত দুই-এগৰাকী ৰাজনৈতিক নেতাই বিপক্ষৰ নেতাক উদ্দেশ্যি আৰম্ভ কৰিছে তীব্ৰ বাক্যবাণ ৷ শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে (AJP president Lurinjyoti Gogoi on Majuli by Election) AIUDF ৰে মিত্ৰতা সন্দৰ্ভত কয় যে, অসম জাতীয় পৰিষদক সাম্প্ৰদায়িকতা বিৰোধী কোনো দলৰে সমৰ্থনৰ প্ৰয়োজন নাই ৷ AIUDF য়ে মাজুলীত অসম জাতীয় পৰিষদক সমৰ্থন কৰিব বুলি কোৱাতো বিজেপিৰ এটা ৰণকৌশল বুলি মন্তব্য কৰে দলটোৰ সভাপতি গৰাকীয়ে ৷ তদুপৰি ৰাজ্যৰ ভিতৰতে শিক্ষিত মাজুলী সমষ্টিৰ ৰাইজে কোনো নিমাতী কইনাক নিৰ্বাচন কৰি দিশপুৰলৈ নপঠাই বুলিও পৰোক্ষভাৱে বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী ভূৱন গামক কটাক্ষ কৰে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.