Ram Nath Kovind to Visit Kaziranga: ৰাষ্ট্ৰপতিৰ আগমনক লৈ যুদ্ধংদেহি প্ৰস্তুতি

By

Published : Feb 22, 2022, 7:20 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (President Ram Nath Kovind to visit Kaziranga)৷ ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ ব্যস্ত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসন৷ মুখ্য বন সংৰক্ষক(বন্যপ্ৰাণী) এম কে যাদৱে জানবলৈ দিয়া মতে, অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে । ২৬ ফ্ৰেব্ৰুৱাৰীৰ বিয়লি তেজপুৰৰ পৰা আহি বোকাখাতত অৱতৰণ কৰি কাজিৰঙাত উপস্থিত হৈ জীপ ছাফাৰি কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কহঁৰা বনাঞ্চলত হাতী ছাফাৰি অথবা জীপ চাফাৰী কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.