ডিব্ৰুগড় অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তৰ কাষত বিধায়ক প্ৰশান্ত ফুকন - ডিব্ৰুগড় অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তৰ কাষত বিধায়ক প্ৰশান্ত ফুকন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 23, 2022, 10:51 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

ডিব্ৰুগড় অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তৰ কাষত বিধায়ক প্ৰশান্ত ফুকন(Prasanta Phukan visits the place of fire at Dibrugarh) ৷ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ ঘোষণা বিধায়কগৰাকীৰ ৷ উল্লেখ্য যে, নিউ মাৰ্কেটত বুধবাৰে সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাৰ ক্ষয়-ক্ষতিৰ বুজ ল'লে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । লগতে ডিব্ৰুগড়ত ৰাসায়নিক পদাৰ্থযুক্ত দুখন বাহনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে । যাতে ভৱিষ্যতে ভয়াৱহ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'লেও সহজে জুই নিৰ্বাপন কৰিবলৈ সহজ হয় । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে সৈতে এক আলোচনা মিলিত হোৱা বুলি উল্লেখ কৰি তেওঁলোকৰ ক্ষতিপূৰণৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ কথা সদৰি কৰে । উল্লেখযোগ্য যে, পুৱতি নিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ২০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান তথা বাসগৃহ সম্পূৰ্ণৰূপে জাহ যায় । প্ৰায় ২০ কোটিৰো অধিক টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:20 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.