thumbnail

By

Published : Feb 19, 2022, 8:07 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Majuli By Election 2022 : মাজুলীত উপস্থিত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা

যিমানেই উপ-নিবাচনৰ দিন চমু চাপিছে সিমানেই মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ খদমদম ৷ সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই ভিৰ কৰিছেগৈ সত্ৰনগৰী মাজুলী (Majuli By Election 2022) । শনিবাৰে মাজুলীত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ৷ মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গাম (campaign for BJP candidate Bhuvan Gam) ৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হোৱা মন্ত্ৰী পীযুষ হাজৰিকাই মাজুলীত কোনো বিৰোধী নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷ লগতে মাজুলীত বিজেপি পাৰ্থীগৰাকী জয়ী হোৱাৰ এশ শতাংশ নিশ্চিতি দি মাথো ভোটৰ ব্যৱধান বৃদ্ধি কৰাৰ লক্ষ্যৰেহে মন্ত্ৰীগৰাকীয়ে মাজুলীলৈ আহিছে বুলি মন্তব্য কৰে । ইয়াৰোপৰি মন্ত্ৰীগৰাকীৰ মতে অভিযোগ কোনো ডাঙৰ কথা নহয় । আগতে ৰাস্তা-পথ কেনেকুৱা আছিল আৰু আজি ৰাস্তা পথ কেনেকুৱা হ’ল সেইটো ডাঙৰ কথা । আগতে জলসম্পদ বিভাগে কিমান টকা দিছিল আৰু বৰ্তমান কিমান টকা দিছে সেইয়াহে জৰুৰী বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে অতি কমেও 50 হাজাৰ ভোটত মাজুলীৰ প্ৰাৰ্থীগৰাকী জয়ী হ’ব বুলি ক’লে মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে মাজুলীৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 340 কোটি টকা মোকলাই দিয়া বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.