Felicitation Program : সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা - Sonowal Kachari Autonomous Council

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 31, 2022, 10:20 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

ডিব্ৰুগড়ত শনিবাৰে অনুষ্ঠিত হয় স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান অনুষ্ঠান । চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত বঁটা আৰু জলপানি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু (Felicitation of meritorious students in Dibrugarh)। সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত মুঠ ৩৭৭২ গৰাকী কৃতী শিক্ষাৰ্থীক এই বঁটা আৰু জলপানি প্ৰদান কৰা হয় । স্বায়ত্ত শাসিত পৰিষদে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বঁটা আৰু এককালীন আর্থিক সাহাৰ্য বিতৰণৰ এই কাৰ্যসূচীত মুঠ ২ কোটি ৭০ লাখ টকা প্ৰদান কৰা হয় । লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে সপ্তম স্থান লাভ কৰা বৈভৱ সোণোৱাললৈ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ (Sonowal Kachari Autonomous Council) তৰফৰ পৰা এক লাখ টকা আৰু স্বৰ্গীয় শুভ বৰুৱা সোঁৱৰণী শৈক্ষিক প্ৰতিভা বঁটা প্ৰদান কৰা হয় । শিক্ষা মন্ত্ৰীগৰাকীৰ সৈতে জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনসহ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.