thumbnail

By

Published : Aug 23, 2022, 9:50 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

বদৰপুৰত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন

কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা প্ৰায় ১১.৩০ বজাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Badarpur)৷ এই ভংকৰ দুৰ্ঘটনাত নিহত হয় শ্ৰী গৌৰী হাছানপুৰ গাঁৱৰ লিটন পাল নামৰ এজন যুৱক ৷ পথ পাৰ হোৱাৰ সময়ত লিটন পালক এখন তীব্ৰবেগী বাহনে খুন্দা মাৰে ৷ তীব্ৰবেগী বাহনৰ খুন্দাত ৰাজপথত ৰক্তাক্ত অৱস্থাত পৰি থকা লিটনক স্থানীয় ৰাইজে শ্ৰী গৌৰী হাস্পতালত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে (One dead in road accident)৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে, মঙলবাৰে মৃতদেহটো পৰিয়ালটোক চমজাই দিয়া হ’ব ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন ৷ এই ঘটনা সন্দৰ্ভত বদৰপুৰ আৰক্ষীয়ে (Badarour police) জোৰদাৰ তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে বদৰপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আছে পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাসমূহক লৈ ট্ৰেফিক আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বদৰপুৰৰ স্থানীয় ৰাইজে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.