Ranjit Bora Murder Case : ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহৃত বাইক-পিষ্টল জব্দ

By

Published : Dec 7, 2022, 10:50 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Purabi Dairy employee Ranjit Bora murdered) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে(Accused arrested in Ranjit Bora murder case) ৷ বুধবাৰে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডত ব্যৱহৃত বাইক, পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় ৷ এজন অভিযুক্ত মৰিগাঁৱৰ বৰিগাঁৱৰ পৰা আটক কৰা আমিৰ আলীয়ে শহুৰেকৰ ঘৰত ৰাখিছিল হত্যাকাণ্ডত ব্যৱহৃত বাইকখন । আমীৰ আলীৰ বাইকৰ লগতে আৰক্ষীয়ে জব্দ কৰে এটা ৯ mm পিষ্টল । আৰক্ষীয়ে ৩ জাঁই সক্ৰিয় গুলীও জব্দ কৰিছে । প্ৰাৰম্ভিক তদন্তত এয়া এটা ডকাইতিৰ ঘটনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযুক্তদ্বয়ক মাৰাথন জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.