আধুনিক আন্তঃগাঁথনিৰে ৰাজ্যত নিৰ্মাণ হৈ আছে ৫০০ বিদ্যালয় : মুখ্যমন্ত্ৰী - Assam CM Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 5:17 PM IST

thumbnail
চাংসাৰিত মুখ্যমন্ত্ৰীৰ বিদ্যালয় গৃহ নিৰ্মাণ কাৰ্য পৰিদৰ্শন (ETV Bharat Assam)

আমিনগাঁও, ২৭ জুন : বৃহস্পতিবাৰে কামৰূপ জিলাৰ চাংসাৰিত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীয়ে চাংসাৰিত নিৰ্মাণৰত আদৰ্শ বিদ্যালয়ৰ গৃহ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় । চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাংসাৰি বালিকা বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।  

নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পিচত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই দুখন বিদ্যালয়ৰ নতুন গৃহ । উল্লেখ্য যে ৭-১১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে বিদ্যালয় দুখনৰ নতুন গৃহ ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাথঁনিক ফেৰ মাৰিব পৰাকৈ ৰাজ্যত ৫০০ খন বিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলি আছে । এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী অশোক সিংহল আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ।

উল্লেখ্য, চাংসাৰি অঞ্চলত হৈ থকা কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে ।

লগতে পঢ়ক :নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ১৪ সংখ্যক কেবিনেট বৈঠক - Assam cabinet meeting in Nalbari

লগতে পঢ়ক :বান সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ : অখিল গগৈ - Akhil Gogoi on Assam Flood

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.