thumbnail

Raas mahotsav 2022 : ৰাস মহোৎসৱৰ আখৰাত ব্যস্ত মাজুলীয়াল

By

Published : Nov 1, 2022, 9:59 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাস বুলিলেই পোন প্ৰথমে মনলৈ আহে সত্ৰ নগৰী মাজুলীৰ ছবিখন (Majuli Raas mahotsav 2022) । মাজুলীৰ লগত ৰাসৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । কৃষ্ণ লীলাৰ বন্দনাত মুখৰিত হয় সত্ৰ নগৰী মাজুলীৰ আকাশ বতাহ । ব্যতিক্ৰম নহয় এইবাৰো ৷ এইবাৰ মাজুলীৰ প্ৰায় ১৪ খন সত্ৰ আৰু প্ৰায় অদ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । বাৰিষাৰ বানে জুৰুলা কৰা পাচত শৰৎ কালৰ এই মধুৰ সময়ত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰে এই ৰাস মহোৎসৱৰ প্ৰস্তুতিত (Raas preparation in Majuli)। মাজুলীৰ প্ৰায় ১৪ খন সত্ৰ আৰু প্ৰায় অদ্ধ শতাধিক মঞ্চ ইতিমধ্যে সাজু হৈ উঠিছে এই ৰাস মহোৎসৱৰ বাবে । সকলো মাজুলীয়াল ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.