thumbnail

4th Grade Employee Protest in Guwahati: প্ৰাপ্যৰ দাবীত মধ্য ইংৰাজী বিদ্যালয়ৰ ৪র্থ শ্ৰেণী কৰ্মচাৰীৰ প্ৰতিবাদ

By

Published : Dec 20, 2022, 7:47 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

অসম বিধানসভাৰ শীতকালিন অধিৱশনৰ প্ৰথম দিনাই(Assam Assembly Winter Session) প্ৰতিবাদত বহিল সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ ৪র্থ শ্ৰেণীৰ কৰ্মচাৰী ৷ কৰ্মচাৰীসকলৰ প্ৰতিবাদে উত্তাল কৰিলে গুৱাহাটীৰ চচলৰ নিৰ্ধাৰিত আন্দোলনস্থলী (4th Grade Employee Protest in Guwahati)৷ ২০২১ ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলৰ দুবছৰৰ দৰমহা আদায় দিয়া, ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা আদায় দিয়া, পে স্কেল (4th grade employee pay scale), ডি এ আদি প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদী কৰ্মচাৰীসকলে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সম্পাদক মহিদুল কবিৰে কয় যে, নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ ৪র্থ বৰ্গৰ ১৫০০ ৰ অধিক কৰ্মচাৰীয়ে মাত্ৰ ৮০০০ টকা দৰমহাত কাম কৰিবলগা হৈছে ৷ সেয়ে চৰকাৰে এই কৰ্মচাৰীসকলক অনতি পলমে ৰাজ্যিক সমহাৰত দৰমহা আদায় দিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ মুখ্য উপদেষ্টা ননীগোপাল মহন্তক দাবী জনায় ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.