লম্পট অধ্যক্ষ, মেছেঞ্জাৰত ছাত্ৰীৰ লগত অশ্লীল বাৰ্তালাপ - Protest against lakhimpur college pricipal

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 25, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অধ্যক্ষক নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীৰ প্ৰতিবাদত উত্তাল নৰ্থ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত) (Protest against lakhimpur college pricipal) ৷ লম্পট অধ্যক্ষই মেছেঞ্জাৰত অশ্লীল বাৰ্তালাপ কৰাৰ অভিযোগ তুলি জিলা ছাত্ৰ সন্থাই কলেজখনৰ প্ৰৱেশদ্বাৰত তেওৰ পুত্তলিকা দাহ কৰে ৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদেও কলেজখনৰ প্ৰৱেশদ্বাৰত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত অধ্যক্ষৰ নিলম্বনৰ লগতে গ্ৰেপ্তাৰৰ দাবী জনাইছে প্ৰতিবাদ কাৰী ছাত্ৰ সমাজে। মহাবিদ্যালয়খনৰ পৰিস্থিতিৰ অৱনতিৰ প্ৰতি আশংকা কৰি প্ৰশাসনে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰিছে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.