Assam Sahitya Sabha conference : অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি তুংগত
🎬 Watch Now: Feature Video
বিহপুৰীয়া, 29 জানুৱাৰী : অহা 31 জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (67th Assam Sahitya Sabha conference) । কিন্তু অধিৱেশনখনক লৈ বিভিন্নজনৰ মনত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি পৰিলক্ষিত হৈছে । প্ৰতিবাদ, তীব্ৰ ক্ষোভ, অসন্তুষ্টিৰ মাজৰেই তুংগত উঠিছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি । ইতিমধ্যে অধিৱেশনখনি সাফল্য মন্দিত কৰি তুলিবৰ বাবে আদৰণি সমিতিয়ে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে (Manikanchan Kshetra at Narayanpur) ।
মণিকাঞ্চন ক্ষেত্ৰত মূল মণ্ডপৰ লগতে তিনি হাজাৰ লোকে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে ভোজনালয় । মূল প্ৰৱেশদ্বাৰৰ তোৰণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰি তোলাৰ লগতে গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনী সমূহৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে । প্ৰায় দুই হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰি তুলিছে আয়োজক সমিতিয়ে (Preparation for 67th Assam Sahitya Sabha conference)।
সভাস্থলীৰ সমীপত প্ৰায় ৩০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে । ৬ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা অধিৱেশন খনিৰ নিৰ্ধাৰিত কুপনৰ ধন হাতলৈ নহাত কিছু পৰিমাণে আদৰণি সমিতি আৰ্থিক সংকটৰ মুখামুখি হোৱা বুলি জানিবলৈ দিছে আদৰণি সমিতিয়ে । ইপিনে অধিৱেশন উপলক্ষে প্ৰকাশ পাব লগা ৭০০ পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো প্ৰায় সম্পূৰ্ণ হৈছে ।
উক্ত অধিৱেশনতে শতাধিক গ্ৰন্থও উন্মোচন কৰা হ’ব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিছে । অধিৱেশনত পৰিৱেশন কৰিব পৰাকৈ পাঁচশ যোৰা গায়ন বায়ন, পাঁচশ চালি নৃত্য, পাঁচশগৰাকী শিল্পীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰিবলৈ অনুশীলন তথা পৰিকল্পনা যুগুত কৰিছে আয়োজক সমিতিয়ে ।
লগতে পঢ়ক : Taliban ban women’s education: মহিলাই উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুনৰ ফটোৱা জাৰি তালিবানৰ