thumbnail

By

Published : Jul 24, 2022, 6:56 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Incomplete Bridge at Nazira: আধৰুৱা দলঙে বিপদত পেলাইছে নাজিৰাবাসীক

এখন অসম্পূৰ্ণ দলঙৰ বাবে জীয়াতু ভুগিছে নাজিৰাৰ এটা বৃহত্তৰ অঞ্চলৰ লোকে (Incomplete bridge at Nazira)৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি দলংখন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ’ল(CM Himanta Biswa Sarma at Nazira) ৷ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাজিৰা-গেলেকী সংযোগী হুদুপৰা এটা অঞ্চলত । দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰে হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ দলং নিৰ্মাণৰ পূৰ্বে গড়কাপ্তানি বিভাগে অস্থায়ীভাৱে যাতায়তৰ বাবে এখন সৰু দলং নিৰ্মাণ কৰি দিছিল যদিও বাৰিষাৰ বাঢ়নি পানীয়ে দলংখন বিধ্বস্ত কৰে(Destroyed bridge at Nazira) । বিভিন্ন সময়ত উক্ত দলংখনত দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.