PDS Rice seized in Barpeta : বৰপেটাৰ ৰাইজে জব্দ কৰিলে নাওভৰ্তি চোৰাং চাউল - Tarabari Police Station

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 28, 2022, 10:53 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

বুধবাৰে বৰপেটাৰ বান্দালী পাৰঘাটৰ নাওত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল উঠাই থাকোতেই ধৰা পেলালে স্থানীয় ৰাইজে (PDS Rice seized in Barpeta)৷ পুনৰ বগা চাউলৰ ক'লা বেহা গঢ়ি তুলিছে উত্তৰ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক মুক্তাৰ হুছেইনে । এই অভিযোগ স্থানীয় লোকৰ । বহু বিতৰ্কিত মুক্তাৰ হুছেইনে পূৰ্বতেও বগা চাউলৰ ক'লা বেহাত জড়িত থকাৰ অভিযোগত ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল । অবৈধভাৱে নাৱত বোজাই দি সৰবৰাহ কৰা চাউল অৱশেষত ৰাইজৰ হেঁচাত তাৰবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ বাধ্য হ'ল (Tarabari Police Station)।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.