No teacher in Teok govt school: চৰকাৰী বিদ্যালয়ত নাই এজনো শিক্ষক - চৰকাৰী বিদ্যালয়ত নাই এজনো শিক্ষক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 7, 2023, 3:07 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

যোৰহাট, 7 ফেব্ৰুৱাৰী : চৰকাৰী বিদ্যালয়সমূহৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে চৰকাৰী বিদ্যালয়ৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে  ৷ এখন বিদ্যালয়ত নাই এগৰাকী শিক্ষকো (No teacher in govt school) ৷ জানিব পৰা মতে উক্ত বিদ্যালয়খনত তিনিজনকৈ শিক্ষক-শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে যদিও এগৰাকী শিক্ষকো বিদ্যালয়ত উপস্থিত নাই পাঠদানৰ বাবে ৷ বিভিন্ন গৰাকীয়ে বিভিন্ন অজুহাত দেখুৱাই বৰ্তমান ছুটীত আছে বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিৰ সভাপতিয়ে ৷ বিদ্যালয়খনৰ নাম নতুন গোহাঁই গাঁও প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খন টীয়কৰ কাৱৈমাৰীত অৱস্থিত ।

এগৰাকী শিক্ষয়িত্ৰী স্বাস্থ্যজনিত কাৰণত উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰি নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত নাই যদিও বাকী দুজন শিক্ষকে কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে বিদ্যালয়খনত সময়মতে উপস্থিত হোৱা নাই তথা দুয়োগৰাকী শিক্ষকে সোমবাৰে বিদ্যালয়ত উপস্থিত থাকিব বুলি পৰিচালনা সমিতিৰ সভাপতিক অৱগত কৰিছিল যদিও মঙলবাৰ পৰ্যন্ত এজনৰো দেখাদেখি নাই বুলি সভাপতিৰ লগতে অভিভাৱকসকলে জানিবলৈ দিয়ে । ইপিনে শিক্ষক নোহোৱাৰ বাবে পৰিচালনা সমিতিৰ আমন্ত্ৰণ ক্ৰমে মাতৃগোটৰ সদস্যাৰ সহযোগিতাত বিদ্যালয়ৰ মণ্ডল সমন্বয়কে উক্ত বিদ্যালয়খনত পাঠদান অব্যাহত ৰাখিছে । 

ইপিনে বিদ্যালয়খনৰ এনে পৰিৱেশে ওচৰ চুবুৰীয়া ৰাইজ তথা অভিভাৱকসকলক ক্ষোভিত কৰি তুলিছে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকলৰ লগতে স্থানীয় সচেতন ৰাইজ । লগতে এইক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ আৰু অভিভাৱকসকলে । যি সময়ত ৰাজ্য চৰকাৰখনে গুণোৎসৱৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে এইখন চৰকাৰী বিদ্যালয়ৰ এনে পুতৌ লগা অৱস্থাই শিক্ষকৰ মানসিকতা উদঙাই দেখুওৱাৰ লগতে চৰকাৰী বিদ্যালয়ৰ এনে ঘটনাৰ যোগেদি প্ৰতিফলিত হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত স্বৰূপ  ৷

লগতে পঢ়ক : Syria after quake kills 4000 :  তুৰস্ক ছিৰিয়া সীমান্তৰ চৌদিশে কেৱল মাথো ধ্বংসাৱশেষ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.