Forest Minister Chandra Mohan Patowary: পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ মণ্ডলত নচলিব অমৃত সৰোৱৰ আঁচনি কাম: পাটোৱাৰী

By

Published : Feb 1, 2023, 11:09 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিয়নী, ১ ফেব্ৰুৱাৰী: বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে(Forest Minister Chandra Mohan Patowary) মঙলবাৰে মৰিয়নীত উপস্থিত হৈ অমৃত সৰোবৰ আঁচনি ৰূপায়নৰ অগ্ৰগতিৰ বুজ লয় । কেন্দ্ৰীয় চৰকাৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত মৰিয়নী সমষ্টিত ১০ টা সৰোবৰ খন্দাৰ কাম চলি আছে ৷ ইফালে আন দুটা পুখুৰী খান্দিবলৈ লোৱা মাটি সংৰক্ষিত বনাঞ্চলৰ কাষতে হোৱাৰ বাবে বন বিভাগৰ অনুমতি নোপোৱাত আধাতে কাম বন্ধ কৰিবলৈ ল’ব লগা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে মৰিয়নীত উপস্থিত হৈ এই সমগ্ৰ দিশ বুজ লয় ৷

বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাটনীবাৰী চাহ বাগিচাৰ কাষতে নিৰ্মাণ হোৱা সৰোবৰ পৰিদৰ্শন কৰে(Amrit Sarovar Mission) । মধ্যকাটনী পঞ্চায়তৰ অন্তৰ্গত ঠাইত খন্দা সৰোবৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ উপস্থিত হোৱা সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাগৰাকী শীৰ্ষ চৰকাৰী বিষয়াই । উল্লেখযোগ্য হোলোঙাপাৰ গিবন অভয়াৰণ্য হৈছে অসমত অৱস্থিত চিৰসেউজ অৰণ্য এক সংৰক্ষিত অঞ্চল । ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্য মৰ্যাদা দিয়া হৈছিল ।

কিন্তু বনাঞ্চলখনলৈ ভাবুকি কঢ়িয়াই আনি বনাঞ্চলখনৰ সমীপৰ পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ মণ্ডল (ECO sensitive zone) এলেকাত এক্স্ভেটৰ ব্যৱহাৰ কৰি জধেমধে মাটিখনন কৰি অমৃত সৰোৱৰ পুখুৰী খান্দিছিল ৷ উক্ত বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল ‌। সেয়েহে উক্ত স্থানত উপস্থিত হৈ সকলো স্থান পৰ্যবেক্ষণ কৰি কামৰ খতিয়ান বুজ লয় বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

মন্ত্ৰী চন্দ্ৰমোহন পটোৱাৰীয়ে এই কাৰ্যসূচীৰ সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়খনো পৰিদৰ্শন কৰে(Minister Chandra Mohan Patowary visits JMCH) ৷ তেওঁ চিকিৎসালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি ইয়াৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰখনৰ আন্তগাঁথনি আৰু উন্নত শৈলীক শলাগ লয় ।

লগতে পঢ়ক: G20 summit: জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠকৰ বাবে সাজু গুৱাহাটী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.