thumbnail

By

Published : Jan 21, 2023, 8:36 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Gunotsav in Baihata Chariali: বাইহাটা চাৰিআলিত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী পাটোৱাৰীৰ

বুধবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছিল গুণোৎসৱ (Axom Gunotsav 2023) ৷ শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ কাৰণে অসম চৰকাৰৰ এক পদক্ষেপ হ’ল গুণোৎসৱ ৷ জিলাই জিলাই ব্যাপক প্ৰস্তুতিৰে বুধবাৰৰ পৰা অনুষ্ঠিত হৈছিল এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ (2023 Gunotsav starts on 18 January) ৷

আনবাৰৰ গুণোৎসৱতকৈ কিছু পৃথক নীতি-নিয়মেৰে এইবাৰৰ গুণোৎসৱ পালন কৰা হৈছে ৷ স্ব-মূল্যায়নৰ নীতি সলনি কৰি অনুষ্ঠিত হৈছে এইবাৰৰ গুণোৎসৱ ৷ ২১ জানুৱাৰীলৈ মুঠ ৪ দিন ধৰি অনুষ্ঠিত হৈছে এই প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ ৰাজ্যৰ মুঠ ১১ খন জিলাত হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ (Axom Sarba Siksha Abhijan Mission) ৷ আজি বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অন্তিমটো দিন ৷

প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত অনুষ্ঠিত গুণোৎসৱত অংশগ্ৰহণ কৰে মন্ত্ৰী-বিধায়কসকল ৷ সেই অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী গুণোৎসৱ উপলক্ষে উপস্থিত হয় বাইহাটা চাৰিআলিৰ শালামাৰাৰ গোপালথান হাইস্কুলত (Minister Chandra Mohan Patowary in Baihata Chariali)৷ গুণোৎসৱ কাৰ্যসূচীত মন্ত্ৰীগৰাকী উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন বহী নিৰীক্ষণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে ।  

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে । বিদ্যালয়খনৰ পৰা ধাৰাবাহিকভাবে ১৪ বছৰে এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ অহা বুলি মন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে ।

ৰাজ্যৰ মুঠ ১১ খন জিলাত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ গুণোৎসৱ (Axom Sarba Siksha Abhijan Mission)৷ ১১ খন জিলা হ’ল— বৰপেটা, কৰিমগঞ্জ, বৰপেটা, কাৰ্বি আংলং, কোকৰাঝাৰ, কামৰূপ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাচাৰ আৰু ওদালগুৰি ৷  

উল্লেখনীয় যে, এই গুণোৎসৱৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিৱেশৰ উন্নতি সাধন কৰা । এই গুণোৎসৱত সামৰি লোৱা বিদ্যালয় মূল্যায়নৰ চাৰিটা দিশ হ’ল- দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতা, সহঃ বিদ্যায়তনিক কাৰ্য, বিদ্যালয়ৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধাৰ অৱস্থিতি আৰু সমাজৰ অংশগ্ৰহণ ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.