Tragic incident in Barpeta Road: পাপৰ ফেক্টৰীৰ মেচিনত সোমাই নিহত শ্ৰমিক - papad making industry in barpeta road
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15377556-thumbnail-3x2-barpeta.jpg)
বাক্সাৰ জাখলিবিল পাথাৰৰ কৃষ্ণনগৰস্থিত "মা দুৰ্গা স্মল ইণ্ডাষ্ট্ৰিজ" নামৰ পাপৰ বনোৱা এটা ফেক্টৰীত মঙলবাৰে এগৰাকী শ্ৰমিকৰ কৰ্মৰত অৱস্থাত মেচিনৰ ভিতৰত সোমাই কৰুণ মৃত্যু হয়(Labour death in papad making industry) ৷ নিহত শ্ৰমিকজন বাক্সাৰ লুৱাশুৰ গাঁৱৰ ভৰত বৰ্মণৰ পুত্ৰ মাণিক বৰ্মন বুলি জানিব পৰা গৈছে ৷ বিমল সাহা নামৰ ব্যৱসায়ীজনৰ পাপৰৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থকা সময়তে হঠাৎ মিক্সাৰ মেচিনৰ ভিতৰত সোমাই অকাল মৃত্যুক আকোঁৱালি লয় মাণিক বৰ্মন নামৰ যুৱকজনে ৷ পাছত ঘটনাস্থলীত গোৱৰ্দ্ধনা থানাৰ আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত নিহত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST