ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড কোকৰাঝাৰ আদালতৰ - Punishment for 20 years rigorous imprisonment

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 30, 2022, 7:56 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

কোকৰাঝাৰ আদালতৰ বিশেষ ন্যায়াধীশ জে কোচৰ বিশেষ আদালতে মঙলবাৰে এটা গুৰুত্বপূৰ্ণ ৰায়দান কৰে (Kokrajhar Court important verdict) ৷ ২০১৯ চনৰ  জুলাই মাহত এগৰাকী দহ বছৰীয়া কিশোৰী ধৰ্ষণকাৰী ছানিদুল ইছলামক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি বিহে (Punishment for 20 years rigorous imprisonment) ৷ লগতে ১০ হেজাৰ টকাৰ জৰিমনাও বিহা হয় ৷ জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷ ইপিনে ৰায়দান সন্দৰ্ভত বিশেষ চৰকাৰী অধিবক্তা মনজিৎ ঘোষে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে, ২০১৯ চনৰ জুলাই মাহৰ ৭ তাৰিখে বিয়লি কিশোৰীগৰাকী ঘৰৰ পিছফালৰ পথাৰত গৰু চৰাবলৈ যোৱাৰ সময়ত ছানিদুল ইছলামে তেওঁক ধৰ্ষণ কৰে ৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোঁসাইগাঁও আৰক্ষী থানাত পঞ্জীয়ন হোৱা গোচৰ নম্বৰ ২৮৯/১৯ৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ U/S-376 AB IPC R/W -SEC-4 OF POSCO আইন অনুযায়ী আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল ৷ ইয়াৰোপৰি কোকৰাঝাৰ আদালততো 48/2019 নম্বৰৰ আন এটা বিশেষ গোচৰ আচামীজনৰ বিৰুদ্ধে পঞ্জীয়ন হৈ আছিল (Kokrajhar rapist 20 years imprisonment) ৷ সেইমৰ্মে আজি জে কোচৰ বিশেষ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.