Sankardev Sangha Conference : শংকৰদেৱ সংঘৰ ধেমাজি অধিৱেশনৰ গুৰুগৃহ উদ্বোধন - শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17501103-thumbnail-3x2-jonai.jpg)
আগন্তুক ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন (92nd Session of Srimanta Sankardev Sangha)৷ এই অধিৱেশনৰ বাবে বৰ্তমান প্ৰস্তুতি তুংগত উঠিছে । আনকি সোমবাৰে উদ্বোধন কৰা হয় গুৰুগৃহও (Guru Griho inaugurate) ৷ লগতে গুৰু আসনো প্ৰতিষ্ঠা কৰা হয় ।
খোল-মৃদংগ আৰু নাম-প্ৰসংগৰে ৰজন জনোৱা পৰিৱেশৰ মাজত গুৰুগৃহ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ শৰণ সদস্য শুভ গগৈয়ে । ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা সোঁত বৈছে সেৱা বাহিনীৰ সদস্য আৰু একনিষ্ঠ সেৱকৰ । দিবা-নৈশে নিৰ্মীয়মান অৱস্থাত আছে ১৬৮ টা প্ৰতিনিধি শিবিৰৰ ।
আনকি বৰ্তমানো নিৰ্মাণ কাৰ্য চলি আছে বিশালকায় প্ৰেক্ষাগৃহ, ভোজনালয়ৰ লগতে বহু শিবিৰৰ । প্ৰায় তিনি কোটি টকা বাজেটেৰে প্ৰস্তুতি চলোৱা বিশাল অধিৱেশনৰ বাবে বহু শুভাকাংক্ষী, সংঘৰ কৰ্মকৰ্তা আৰু প্ৰশাসনেও সহায় সহযোগীতা আগবঢ়াইছে ।