Exceptional Marriage Procession : ককাকৰ ইচ্ছা পূৰণৰ বাবে দৰা আহিল হেলিকপ্টাৰত
🎬 Watch Now: Feature Video
নিউজ ডেস্ক, ২৮ জানুৱাৰী : সকলোৰে মনত নিজৰ বিয়াখন এক ব্যতিক্ৰমী ৰূপত পতাৰ ইচ্ছা থাকে । সেয়া হয়তো কাৰোবাৰ ক্ষেত্ৰত সফল হয়, আন কাৰোবাৰ আকৌ মনৰ আশা মনতে থাকি যায় (exceptional marriage ceremony) । আনহাতে, আন কোনোৱে আকৌ নিজৰ বিয়াৰ জৰিয়তে চৰ্চাত আহিবলৈ চেষ্টা কৰে নতুবা সকলোকে আচৰিত কৰিবৰ বাবে অগতানুগতিক পদক্ষেপ গ্ৰহণ কৰে (groom exceptional step in marriage) ।
শেহতীয়াভাৱে ৰাজস্থানৰ কোটা জিলাত সম্পন্ন হয় এক অনন্য বিবাহ (exceptional marriage in kota Rajasthan) । উক্ত বিবাহ অনুষ্ঠানত অতিথিসকলৰ উপৰি আন বহু সংখ্যক স্থানীয় লোকেও অংশগ্ৰহণ কৰে । কিন্তু এই বিয়াখনৰ বিশেষত্ব হৈছে দৰাজনে তেওঁৰ কইনাক নিবলৈ হেলিকপ্টাৰেৰে আহে (groom fly with helicopter to reach marriage) । লগতে এইটোও কোৱা হৈছে যে দৰাজনে তেওঁৰ ককাক-আইতাকৰ ইচ্ছা পূৰণ কৰিবলৈয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
আনহাতে, দৰাৰ সৈতে তেওঁৰ ককাক-আইতাককো হেলিকপ্টাৰত উঠি অহা দেখা গৈছে । প্ৰকৃততে বান্দা ধৰ্মপুৰাৰ মৌৰ্য কলনিৰ পৰা ইটাৱা চহৰলৈ দূৰত্ব প্ৰায় 60 কিলোমিটাৰ । কিন্তু নাতিনীয়েকে ককাক-আইতাকৰ ইচ্ছা পূৰণ কৰিবলৈয়ে এখন হেলিকপ্টাৰ ভাড়াত লয় । আৰু তাত উঠিয়ে তেওঁ ককাক-আইতাকৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ কইনা ঘৰলৈ আহে (exceptional marriage procession in kota maharashtra) ।
কোটাৰ বান্দা ধৰ্মপুৰাৰ মৌৰ্য কলনিৰ বাসিন্দা কৃষ্ণ মূৰাৰী প্ৰজাপতি পেছাত এজন সম্পত্তি ব্যৱসায়ী (Property dealer) । তেওঁৰ পুত্ৰ সুনীলে ইটাৱা চহৰত এখন হোটেল চলাই থকা কৈলাস প্ৰজাপতিৰ জীয়াৰী ৰেখাৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এই বিয়াখন বৃহস্পতিবাৰে সম্পন্ন হয় । সুনীলে তেওঁৰ ককাক ৰাম গোপাল আৰু আইতাক ৰাম ভৰোচীৰ ইচ্ছা পূৰণ কৰিবলৈয়ে দিল্লীৰ এটা কোম্পানীৰ পৰা হেলিকপ্টাৰখন ভাড়াত লয় ।
হেলিকপ্টাৰখন বুন্দি জিলাৰ কেশোৰাইপাটন অঞ্চলৰ নয়নানী ফাৰ্মত অৱতৰণ কৰে । যাৰ বাবে সুনীলে তেওঁৰ মৌৰ্য কলনীৰ ঘৰৰ পৰা বিবাহযাত্ৰী লৈ নয়নানী ফাৰ্মত উপস্থিত হয় । সুনীলৰ সৈতে হেলিকপ্টাৰত তেওঁৰ ককাক ৰাম গোপাল, আইতাক ৰাম ভৰোচি আৰু ছয় বছৰীয়া ভতিজাক সিদ্ধাৰ্থ আছিল । হেলিকপ্টাৰখন ইটাৱাৰ আস্থা মহাবিদ্যালয়ত অৱতৰণ কৰে । তাত সুনীলে ৰেখাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁৰ কইনাক হেলিকপ্টাৰত উঠাই ঘৰলৈ লৈ যায় ।
লগতে পঢ়ক :Amit Shah Karnataka Visit : কৰ্ণাটকত ষ্টেডিয়াম উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ