ভদীয়া বানৰ কৱলত জোনাইবাসী - Flood in Dhemaji
🎬 Watch Now: Feature Video

ভদীয়া বানে ৰাজ্যবাসীৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে (Flood affects Assam)। ৰাজ্যৰ বহু প্ৰান্তত বানে কালৰূপ ধাৰণ কৰিছে । বাকী অঞ্চলবোৰৰ লগতে দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি তুলিছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ কেইবাখনো গাঁও (Flood in Jonai)। ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ উলুৱনী, জামুগুৰী অঞ্চলৰ প্ৰায় ১৫ খনৰো অধিক গাঁও প্লাৱিত হৈছে । উল্লেখ্য যে নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নদীৰ জলস্তৰ । নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহ । বাঢ়নী পানীয়ে বিঘাই বিঘাই শালি ধানৰ খেতি বুৰাই পেলোৱাৰ ফলত সংকটত পৰিছে কৃষকসকল । আনহাতে বানে বাট-পথ বুৰাই পেলাইছে । যাৰ বাবে অঞ্চলটোত যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । ইফালে অঞ্চলটোত পশুধনৰ খাদ্যৰ অভাৱ হোৱা দেখা গৈছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST