NF Railway Half Marathon : ৰে'লৱে নৰ্থ ইষ্ট হাফ মাৰাথনৰ T-Shirt মুকলি - NE Half Marathon T shirt launched

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 4, 2023, 5:11 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ উদ্যোগত প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও স্থানত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট হাফ মাৰাথন (North East Half Marathon of NF Railway)। ৫ ফেব্ৰুৱাৰীত নৰ্থ ইষ্ট হাফ মাৰাথনৰ প্ৰথমটো শৃংখলা গুৱাহাটীৰ মালিগাঁও ৰে'লৱে ষ্টেডিয়ামত মুকলি কৰা হ'ব । মাৰাথনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩,০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব (NE Half Marathon to start from Feb 5)। ইয়াৰ পাছতে পৰ্যায়ক্ৰমে দাৰ্জিলিঙত ২৬ ফেব্ৰুৱাৰীত, টাৱাঙত ১২ মাৰ্চত আৰু গেংটকত হাফ মাৰাথন আয়োজন কৰা হ'ব । ৬ টা ভিন্ন শাখাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । এই হাফ মাৰাথনত পুৰস্কাৰ হিচাপে থাকিব ১১ লাখ টকা, ট্ৰফী, মেডেল আৰু প্ৰমাণ পত্ৰ (Prize of NE Half Marathon)। বুধবাৰে গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত আয়োজিত সংবাদমেলত এই কথা সদৰী কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক আনচুল গুপ্তাই । তেওঁ লগতে কয় যে উত্তৰ-পূৱৰ উন্নয়ন আৰু ক্ৰীড়া জগতলৈ নতুনত্ব অনাৰ উদ্দেশ্যে এই প্ৰচেষ্টা লৈছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই । সংবাদমেলত নৰ্থ ইষ্ট হাফ মাৰাথনৰ T-shirtও মুকলি কৰা হয় (NE Half Marathon T shirt launched)। নৰ্থ ইষ্ট হাফ মাৰাথনৰ যোগেদি নৰ্থ ইষ্টৰ সৌন্দৰ্যৰ কথাও চৰ্চা হ'ব বুলি মন্তব্য কৰে । T-shirt মুকলি অনুষ্ঠানত অভিনেতা কপিল বৰা, মণিপুৰি অভিনেত্ৰী চোমা লাইচৰামকে ধৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.