Fire in Karimganj: ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৰবৰ ফেক্টৰী - Fire in Karimganj
🎬 Watch Now: Feature Video

নিশা কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Fire breaks out at rubber factory in Karimganj) । কৰিমগঞ্জৰ চিপেনজুৰি চাহ বাগিচাৰ ৰবৰ ফেক্টৰীত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডত জাহ যায় প্ৰায় আঢ়ৈ কোটি টকাৰ সা-সামগ্ৰী । জানিব পৰা মতে শনিবাৰে নিশাৰ ভাগত হঠাৎ জুই লগা প্ৰত্যক্ষ কৰে শ্ৰমিক সকলে । লগে লগে খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক । অগ্নিনিৰ্বাপক বাহিনীৰ পাথাৰকান্দি, নিলামবজাৰ, কৰিমগঞ্জৰ পৰা মুঠ পাঁচখনকৈ বাহনে আহি জুই নিয়ন্ত্ৰণলৈ আনে যদিও বাগিচাখন এক বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ৰাইজে ।
Last Updated : Feb 3, 2023, 8:29 PM IST
TAGGED:
Fire in Karimganj