Fetus in Fetu operation in Dibrugarh: আচৰিত ! 11মহীয়া ল’ৰাৰ পেটত কেনেকৈ ওলাল ভ্ৰূণ ? - fetus in fetu operation in Assam
🎬 Watch Now: Feature Video
আচৰিত যেন লাগিলেও চিকিৎসা বিজ্ঞানৰ ইতিহাসত সংঘটিত হ’ল এক বিৰল ঘটনা ৷ 11 মহীয়া ল’ৰা শিশুৰ পেটৰ পৰা ওলাল ভ্ৰূণ ৷ ডিব্ৰুগড়ত সফলতাৰে সম্পন্ন হ’ল শিশুটিৰ চিকিৎসা(fetus in fetu operation in Dibrugarh) ৷
উল্লেখ্যযোগ্য যে, অৰুণাচল প্ৰদেশৰ বিজয় নগৰৰ চাংলাং জিলাৰ এটি 11 মহীয়া ল’ৰা শিশুক ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত ৷ শিশুটিক পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত চিকিৎসক নিশ্চিত হৈছিল শিশুটিৰ পেটৰ ভিতৰ আছে পূৰ্ণাংগ ভ্ৰূণ(fetus in fetu in india) ৷ ইয়াৰ পিচতেই শনিবাৰে শিশুটিৰ অস্ত্ৰোপচাৰ কৰে অপেক্ষা হাস্পতালত এটা চিকিৎসকৰ দলে ৷
কেইবাঘণ্টাজুৰা জটিল অস্ত্ৰোপচাৰৰ 11 মহীলা ল’ৰা শিশুটিৰ পেটৰ পৰা উলিয়াই অনা হয় এটা 2 কেজি ওজনৰ ভ্ৰূণ ৷ পূৰ্বেও এনে এগৰাকী ব্যক্তি ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতাললৈ(Dibrugarh Apeksha Hospital) আহিছে বুলি অৱগত কৰিছে চিকিৎসকে ৷ অপেক্ষা হাস্পতালৰ ডাঃ হেমন্ত কুমাৰ দত্ত, ডাঃ অৰ্পিতা বৰগোহাঁই, ডাঃ অশোক আগৰৱাল, ডাঃ অভিনৱ পড্ডাৰ, ডাঃ মেঘা পি ভি, ডাঃ লখি মিলিয়ে সফল কৰিতোলে এই জটিল অস্ত্ৰোপচাৰ(fetus in fetu operation in Assam) ৷
ইফালে, চিকিৎসকে অৱগত কৰা অনুসৰি বৰ্তমান সুস্থ অৱস্থাত আছে অস্ত্ৰোপচাৰ কৰা শিশুটি ৷ চিকিৎসকে অৱগত কৰা অনুসৰি এই ঘটনাক চিকিৎসা বিজ্ঞানৰ ভাষাত Fetus in Fetu বুলি কোৱা হয় ৷ অৰ্থাৎ মানুহৰ দেহত এটা ভ্ৰূণৰ সৃষ্টি হয় ৷ ঠিক এটি শিশুৰ দৰে ৷ কিন্তু এই ভ্ৰূণটোৰ পৰা দেহৰ অংগসমূহ ভালদৰে উৎপত্তি নহয় যদিও অপৈণতভাৱে হাত, ভৰি ইত্যাদি বৃদ্ধি পায় ৷
যদিহে মাতৃৰ পেটত যমজ সন্তানৰ উৎপত্তি হয় আৰু এটি সন্তান পৈনত নোহোৱাকৈয়ে আনটি পৈনত সন্তান পেটত থাকি যায় তেন্তে জন্মৰ পিছত ৰক্ত চলাচল হ'লে এই ভ্ৰূণ বৃদ্ধি পায় ৷ বিশ্বৰ বহু চিকিৎসালয়ত এনে অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হৈছে বুলিও অৱগত কৰিছে চিকিৎসকৰ দলটোৱে ৷