thumbnail

By

Published : May 28, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

ৰঙিয়াৰ বিহাপাৰাত বানত ক্ষতিগ্ৰস্ত কৃষকৰ হাহাকাৰ

ৰঙিয়াৰ বিহাপাৰাত বানত ক্ষতিগ্ৰস্ত কৃষকৰ হাহাকাৰ (Cultivators facing problem at Rangia)। বানৰ বাবে বিনষ্ট হৈছে শস্য । কিছুদিন পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত বিহাপাৰা অঞ্চলৰ শতাধিক খেতিয়কৰ হাজাৰ হাজাৰ বিঘা মাটিৰ শস্য বিনষ্ট হৈছে । বিশেষকৈ বৰো ধান আৰু পাচলিৰ খেতি সম্পূৰ্ণ বিনষ্ট হৈছে । লগতে বানত মীন পালক সকলৰ পুখুৰীৰ পৰা মাছ ওলাই যোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে । বহু কৃষকে ঋণ অথবা সুদত ধন লৈ খেতি কৰিছিল । কিন্তু অতি কষ্টৰে কৰা খেতিডৰা এনেদৰে বিনষ্ট হোৱাত মূৰে কপালে হাত দিব লগা হৈছে এইসকল দুৰ্ভগীয়া কৃষকে । কৃষি প্ৰধান এই বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকে এতিয়া জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.