Encounter at Pengeri: সেনা-উগ্ৰপন্থীৰ সংৰ্ঘষত কঁপি উঠিল পেঙেৰী - সেনা উগ্ৰপন্থীৰ সংৰ্ঘষত কঁপি উঠিল পেঙেৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 14, 2022, 7:14 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

পুৱাই তিনিচুকীয়া জিলাৰ পেঙেৰীত সংঘটিত হ’ল ভয়ংকৰ আই ই ডি বিস্ফোৰণ (IED blast at Pengeri) ৷ সেনাৰ গাড়ীক উদ্দেশ্য কৰি আই ই ডি স্থাপন উগ্ৰপন্থীৰ ৷ ভাৰতীয় সেনাৰ এখন বুলেটপ্ৰুফ বাহনত সংঘটিত হয় এই বিস্ফোৰণ ৷ বিস্ফোৰণৰ পাচতেই বনাঞ্চলৰ মাজত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হয় প্ৰচণ্ড গুলীয়াগুলী (Encounter between security forces and militant) ৷ আলফা স্বাধীনৰ পাঁচজনীয়া এটা গোটে বনাঞ্চলখনত বাহৰ পাতি কূটাঘাতৰ পৰিকল্পনা কৰাৰ খবৰ লাভ কৰিছিল সেনাই (ULFA I activities in Tinsukia) ৷ তাৰ পাচতেই সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰে সমগ্ৰ আপাৰ দিহিং বনাঞ্চলত ৷ তাৰ মাজতেই ডিগবৈ-পেঙেৰী সংযোগী পথত অৱস্থিত আপাৰ দিহিং বনাঞ্চলৰ মাজৰ ফাঁচি দলৰ সমীপত বিস্ফোৰিত হয় আই ই ডিটো ৷ ইতিমধ্যে সেনাই ডিগবৈ-পেঙেৰী সংযোগী পথটো দুয়োফালৰ পৰা বন্ধ কৰি অভিযান অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় উজনি অসমৰ DIG জিৎমল দলেৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ৷ বৰ্তমানেও উগ্ৰপন্থীৰ দলটোৱে গভীৰ অৰণ্যৰ মাজত আত্মগোপন কৰি থকাৰ সন্দেহ নিৰাপত্তাৰক্ষীৰ ৷ অৱশ্যে এই গুলীয়াগুলীৰ ঘটনাত কোনো হতাহতৰ তথ্য লাভ কৰা হোৱা নাই ৷ IED বিস্ফোৰণৰ লগতে উগ্ৰপন্থীৰ দলটোৰ গুলীত সেনাবাহিনীৰ বাহনখন যথেষ্ট ক্ষতিগ্ৰস্ত হয় ৷ উগ্ৰপন্থীৰ দলটো আলফা স্বাধীনৰ বুলি সন্দেহ কৰা হৈছে ৷ এই গুলীচালনাৰ ঘটনাত ত্ৰস্তমান হৈ পৰে কাষৰীয়া অঞ্চলৰ লোকসকল ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.