নলবাৰীৰ লোহাৰকাঠাত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

By

Published : Jul 5, 2022, 10:10 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail
ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam Police raid against drugs)। নলবাৰী জিলাৰ আৰক্ষীয়েও জিলাখনৰ ভিন্ন প্ৰান্তত ড্ৰাগছ আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গৈছে । তেনে এক অভিযানৰ মাজতে মুকালমুৱা আৰক্ষীৰ জালত পৰে এটা ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrested in Nalbari)। ইয়াৰোপৰি নিশা নলবাৰীৰ লোহাৰকাঠাত মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১০ টা ড্ৰাগছ কন্টেইনাৰসহ নগদ ধন (Drugs seized at Nalbari)। ১ নং লোহাৰকাঠাত চলোৱা অভিযানত আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো ফইজুল হক বুলি জানিব পৰা গৈছে । ফইজুল হকে নিজৰ ঘৰতে মজুত ৰাখিছিল ড্ৰাগছ কন্টেইনাৰসমূহ । ফইজুল হকে দীৰ্ঘদিনে অঞ্চলটোত ড্ৰাগছ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল । সেই অভিযোগৰ ভিত্তিতে ফইজুলৰ ঘৰত অভিযান চলায় মুকালমুৱা আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.