Cheques distribution: শিলচৰত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণ - Assam Micro Finance Incentive and relief Scheme
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যৰ লগতে কাছাৰ জিলাতো অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ ৰ অধীনত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়(Assam Micro Finance Incentive and relief Scheme) । শিলচৰৰ ৰাজীৱ ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত আয়োজিত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ ৰ দ্বিতীয় পৰ্যায়ৰ চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Jayanta Malla Baruah distributes cheques to beneficiaries) ৷ দ্বিতীয় পৰ্যায়ৰ জিলাখনৰ ৩,৩৩১ গৰাকী মহিলা হিতাধিকাৰীৰ ভিতৰত শুকুৰবাৰে ১,০০০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাবে চেক প্ৰদান কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।
Last Updated : Feb 3, 2023, 8:30 PM IST