New year 2023: পুৱাৰে পৰা মালিনী থানত ভক্তৰ লানি নিছিগা সোঁত - devotees coming to Malini Than
🎬 Watch Now: Feature Video
নৱবৰ্ষৰ প্ৰথমটো দিনটোতে(New year 2023) অসম-অৰুণাচল সীমান্তৱৰ্তী ঐতিহাসিক মা মালিনী থানত(Malinithan Likabali) দেখিবলৈ পোৱা গ’ল ভক্তৰ ব্যাপক ভিৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে মনোবাঞ্চা পূৰণৰ লগতে বছৰটোৰ বাবে মংগল কামনাৰে মাৰ চৰণত সেৱা আদবঢ়োৱা পৰিলক্ষিত হ’ল ৷ উল্লেখ্য যে চিলাপথাৰ নগৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ দক্ষিণ সমীন্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ ৰূপে পৰিচিত মা মালিনী থান(Malinithan in Arunachal Pradesh) । দৰ্শনৰ বাবে নৱবৰ্ষৰ প্ৰথমটো পূৱাৰ পৰাই সৃষ্টি হয় উখল মাখল পৰিৱেশ । এই পৱিত্ৰ স্থানত মা মালিনীৰ শ্ৰীচৰণত শ্ৰদ্ধা ভক্তিৰে এগচি বন্তি প্ৰজ্বলনেৰে পূজা অৰ্চনা কৰি নৈবদ্য আগবঢ়ালে মনোকামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয় ৷
Last Updated : Feb 3, 2023, 8:38 PM IST