Har Ghar Tiranga mission, হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে চাইকেল ৰেলী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 12, 2022, 11:16 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

৭৫ বছৰীয়া দেশৰ স্বাধীনতা দিৱস (Independence day of India) আয়োজনৰ বাবে সাজু হৈছে দেশবাসী । সকলোতে স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে । আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) অংশস্বৰূপে ইতিমধ্যে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰো আৰম্ভ হৈছে । সমগ্ৰ দেশৰ লগতে অসমতো এই অভিযান সফল কৰাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে । ধেমাজি জিলাৰ জোনাই মহকুমা প্ৰশাসনেও 'হৰ ঘৰ তিৰংগা' শীৰ্ষক সজাগতামূলক অভিযান আৰম্ভ কৰিছে (Har Ghar Tiranga mission in Jonai)। মহকুমাৰ বিভিন্ন ঠাইত সজাগতামূলক অভিযানৰ বাবে চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে (Cycle Rally at Jonai) ৷ ইতিমধ্যে জোনাই চিমেন চাপৰি, চমকং তেলাম, মিছামৰা পঞ্চায়তত চাইকেল ৰেলীৰ সফল সমাপ্তি ঘটিছে । ইফালে শুকুৰবাৰে পুৱাই জোনাই, বাহিৰ জোনাই আৰু কেমি জেলম পঞ্চায়তত এক বৃহৎ চাইকেল ৰেলীৰ আয়োজন কৰে জোনাই মহকুমা প্ৰশাসনে । দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি প্ৰতিখন ঘৰতে তিৰংগা পতাকা উৰুৱাই স্বাধীনতা দিৱস উদযাপনৰ বাবে আহ্বান জনায় জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.