Sankardev Kalakshetra new auditorium: 800 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ’ব শংকৰদেৱ কলাক্ষেত্ৰত

By

Published : Jan 5, 2023, 5:24 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
বিকাশৰ বাবে এপষেক কাৰ্যসূচীৰ অধীনত বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 800 আসনযুক্ত প্ৰেক্ষাগৃহৰ ভূমি পূজনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Sankardev Kalakshetra new auditorium)। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াৰ লগতে কলাক্ষেত্ৰৰ বিষয়ববীয়াই ৷ ভূমি পূজনৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা ডিচেম্বৰত প্ৰায় 15,000 কোটি টকাৰ উন্নয়নমূলক কাম হাতত লৈছে অসম চৰকাৰে (Assam govt development schemes)। বৃহস্পতিবাৰৰ দিনটোতে 1773 কোটি টকাৰ কাম চৰকাৰে হাতত লৈছে ৷ নতুন ৰাজভৱন, আৰক্ষী নিবাস, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ নতুন কাৰ্যালয়ৰ আধাৰশীলাৰ লগতে চৰকাৰে কলাক্ষেত্ৰত এটা অত্যাধুনিক প্ৰেক্ষাগৃহৰ কাম আৰম্ভ কৰিছে (new auditorium at Srimanta Sankardev Kalakshetra) । নতুন একত্ৰিত সঞ্চালকালয় নিৰ্মাণৰ দ্বাৰা এতিয়াৰ বিভিন্ন সঞ্চালকৰ কাৰ্যালয়ৰ বাবে থকা বহু মাটি চৰকাৰে লেণ্ড বেংকলৈ লৈ আনিব বুলি মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ লগতে উল্লেখ কৰে যে, ভবেন্দ্ৰনাথ শইকীয়াৰ সপোন আছিল কলাক্ষেত্ৰত তিনিটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ । বিভিন্ন কাৰণত সম্পূৰ্ণ হৈ উঠা নাছিল এই কাৰ্য । প্ৰায় 44 কোটি টকাৰে গুৱাহাটীৰ সকলোতকৈ আধুনিক প্ৰেক্ষাগৃহ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে ৷ আধুনিক শব্দ ব্যৱস্থাৰ বাবে অতিৰিক্ত 10/15 কোটি টকা লাগিব যদিও চৰকাৰে তাৰো চিন্তা কৰিছে । পূৰ্বৰ দুয়োটা প্ৰেক্ষাগৃহতকৈ নতুন প্ৰেক্ষাগৃহৰ ডিজাইন অলপ বেলেগ হ'ব বুলি তেওঁ কয় । দুই এমাহৰ ভিতৰতে মাধৱদেৱ কলাক্ষেত্ৰ আৰম্ভ হ'ব আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ হাৱা মহল শংকৰদেৱ কলাক্ষেত্ৰৰ অন্তৰ্গত নিৰ্মাণ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.