বান পৰিস্থিতি পৰিদৰ্শন কৰি বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে - পাটবাউসী সত্ৰ
🎬 Watch Now: Feature Video
বৰপেটা সত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Barpeta)৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত(Barpeta Satra) উপস্থিত হৈ সত্ৰত সেৱা জনায় ৷ বৰষুণৰ মাজতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৰপেটা সত্ৰত সেৱা জনোৱাৰ পাচতে পাটবাউসীলৈ যাত্ৰা কৰে ৷ পাটবাউসীত বানাক্ৰান্তই আশ্ৰয় লোৱা শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে পাটবাউসী সত্ৰও দৰ্শন কৰে (Patbaushi Satra)৷ বৰপেটাত মুখ্যমন্ত্ৰীৰ মন্তব্য- ‘‘বৰপেটা, পাটবাউসী, বজালী, ভৱানীপুৰ, পাটাছাৰকুছিৰ বান পৰিদৰ্শন কৰো ৷ বানাক্ৰান্তই সাহাৰ্য পাই আছে ৷ বানে বহু লোকৰ ঘৰ ভাঙিছে ৷ বহু লোক ঘৰলৈ উভতি যাব পৰা নাই ৷ তেওঁলোকক কিধৰনে সহায় কৰিব পাৰো তাৰ চেষ্টা কৰিম ৷ ইপিনে বৰপেটা সত্ৰৰ কাষেৰে বৈ যোৱা হাৰিজানটো খনন আৰু বহল কৰাৰ প্ৰয়োজন আছে ৷ এইক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা বৰপেটালৈ আহি প্ৰয়োজনীয় দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহন কৰিব ৷’’ পাটবাউসী সত্ৰক লৈ মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্পৰ কথাও প্ৰকাশ কৰে ৷ পাটবাউসী সত্ৰৰ প্ৰকল্পৰ পৰিকল্পনাৰ কাম চলি আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST