Christmas 2022 celebration: টীয়কৰ জাঁজীমুখৰ গীৰ্জাঘৰত উখল-মাখল পৰিৱেশ - Christmas 2022 celebration
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17306153-1075-17306153-1671953763319.jpg)
আজি পবিত্ৰ বৰদিন(Christmas 2022) । বিশ্বৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোককলে উলহ মালহ উদযাপন কৰিছে পবিত্ৰ বৰদিন । ব্যতিক্ৰম নহয় টীয়কতো, টীয়কৰ ঐতিহাসিক জাঁজীমুখৰ প্ৰাকস্বাধীন কালতে প্ৰতিষ্ঠা হোৱা গীৰ্জা ঘৰত বৰদিন উদযাপন কৰিছে (Christmas celebration in Teok) । উল্লেখযোগ্য যে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতাত উক্ত গীৰ্জাঘৰত বৰদিন উদযাপন কৰা হৈছে । বুৰঞ্জীমতে ব্ৰিটিছৰ ভকলিন পৰিয়ালে সেইসময়ত বাণিজ্যিক কাৰণত জাঁজীমুখত নাও বান্ধিছিল আৰু কালক্ৰমত জাঁজীমুখৰ সৌন্দৰ্য, ভাষা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ সেই ব্ৰিটিছ পৰিয়ালৰ একাংশ স্থায়ীভাৱে জাঁজীমুখ থাকিবলৈ ল'লে । তেতিয়াৰ পৰা এই অঞ্চলত বৰদিন উদযাপন হৈ আহিছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST