thumbnail

By

Published : Aug 13, 2022, 9:12 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

কেইচেকেণ্ডৰ ব্যৱধানত বিষাক্ত সৰ্প দংশনৰ পৰা প্ৰাণ ৰক্ষা এটি কণমানিৰ

'বাঘে খায় দেখি, সাপে খায় লেখি' শীৰ্ষক আপ্ত বাক্যশাৰীয়ে বিভিন্ন সময়ত সৰ্প দংশনৰ ভয়াৱহতাক লঘু কৰি আহিছে ৷ পিছে 'সাৱধানৰ মৰণ নাই' কথাষাৰিহে যেন আমাৰ জীৱনৰ সকলো সময়তে প্ৰযোজ্য ৷ কৰ্ণাটকৰ মাণ্ডিয়াত এগৰাকী মাতৃৰ সতৰ্কতাৰ বাবে মাত্ৰ কেই চেকেণ্ডৰমানৰ ব্যৱধানত এটি কণমানি শিশু বিষাক্ত ফেঁটী সাপৰ দংশনৰ পৰা ৰক্ষা পৰে (Mother saved her son from snake bite) ৷ চি চি টি ভিৰ কেমেৰাত বন্দী হোৱা এই শিহৰণকাৰী ভাইৰেল দৃশ্যই ইতিমধ্যই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ ডাঃ বিষ্ণু প্ৰসাদ আৰু প্ৰিয়াৰ একমাত্ৰ সন্তানটিক প্ৰিয়াই স্কুললৈ বুলি ঘৰৰ পৰা উলিয়াই অনাৰ সময়তে ক’ব নোৱাৰাকৈ এটা বিষাক্ত ফেঁটী সাপৰ মুখামুখী হয় ৷ সাপটোৱে ফেট তুলি শিশুটিক দংশন কৰিবলৈ আগবাঢ়োতেই মাত্ৰ কেইচেকেণ্ডমানৰ ভিতৰতে প্ৰিয়াই শিশুটিক সাপটোৰ সন্মুখৰ পৰা আতৰাই নিবলৈ সমৰ্থ হয় ৷ নিজ পুত্ৰক সৰ্পদংশনৰ পৰা বচাবলৈ প্ৰিয়া নামৰ মহিলাগৰাকীয়ে প্ৰদৰ্শন কৰা সাহস আৰু বুদ্ধিক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.