নাহৰকটীয়াত কংগ্ৰেছৰ লগতে জাতীয় পৰিষদৰ নেতাই পিন্ধিলে গেৰুৱা বসন

By

Published : Aug 22, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
ৰাজ্য়ৰ বিভিন্ন জিলাত চলিছে কেইবাটাও ৰাজনৈতিক দলৰ যোগদান কাৰ্যসূচী। ইয়াৰ মাজতে নাহৰকটীয়াত কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ নেতাই পিন্ধিলে গেৰুৱা বসন(BJP joining Program in Naharkatia)। সমষ্টিটোৰ জয়পুৰত দেওবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। দলীয় ভেঁটি শক্তিশালী কৰিবলৈ তৎপৰতাৰে কাম কৰিছে বিজেপিয়ে। আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ কোনো সমষ্টিত যাতে আন দলে সুবিধা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে। দলৰ ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰেই বিজেপিৰ জয়পুৰ মণ্ডলৰ উদ্যোগত জয়পুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ(Congress)আৰু অসম জাতীয় পৰিষদৰ(Assam Jatia Parisad)কেইবাগৰাকী নেতাসহ সহস্ৰাধিক লোকে গেৰুৱা বসন পৰিধান কৰে। বিজেপিত নতুনকৈ যোগদান কৰা কৰ্মী সকলক দলীয় টুপী,গামোচাৰে দললৈ আদৰণি জনায় বিধায়ক তৰংগ গগৈয়ে(MLA Tarang Gogoi)। উক্ত যোগদান কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ,জয়পুৰ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতা আদি উপস্থিত থাকে।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.