Bhogali Bihu Uruka : উৰুকাৰ নিশা টীয়কৰ এখন গাঁৱত চালে চকু ৰোৱা দৃশ্য

By

Published : Jan 14, 2023, 7:32 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ উৰুকা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ ৷ পিছ পৰি ৰোৱা নাই টীয়কৰ বামুনপুখুৰী বৰা গাঁৱৰ ৰাইজো । গাঁৱৰ ৰাইজ মাছ আৰু হাঁহেৰে সুন্দৰকৈ ৰান্ধনিশালত ব্যস্ত হৈ পৰিছে (Bhogali Bihu Uruka at Teok)।

গাঁৱৰ ডেকাহঁতে নিৰ্মাণ কৰা ভেলাঘৰত সকলো গোট খাইছে । যিটো এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হে পৰিছে । কাৰণ এই ভেলাঘৰৰ লগতে অসমীয়া চহা সমাজৰ ম'হ যুজঁ, ঢেঁকী, নাঙল, কৰিয়া, টোম, তাঁতশালকে ধৰি অসমীয়া সমাজৰ পৰা ক্ৰমাত হেৰাই যোৱাৰ উপক্ৰম হোৱা গ্ৰাম্য সমাজৰ বিভিন্ন সামগ্ৰীৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে (Bhelaghar at Teok)৷ আশা কৰিছে যাতে এই পৰিবেশে উঠি অহা প্ৰজন্মক আকৰ্ষিত কৰি নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি ধাৱমান কৰিব ।

ইপিনে গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে ভেলঘৰৰ বাকৰিত পুৰিছে পিঠা, প্ৰস্তত কৰিছে পৰম্পৰাগত খাদ্য সম্ভাৰ । গ্ৰাম্য পৰিবেশৰ বিষয়বস্তু হিচাবে লৈ নিৰ্মাণ কৰা ভেলাঘৰৰ বাকৰিত হাঁহ আৰু কোমোৰা, বিলাহীৰ সৈতে থলুৱা মাছ, মাটি দাইল-কাঠ আলুৰে বিভিন্ন ব্যঞ্জন প্ৰস্তুতত ব্যস্ত ৰান্ধনী ৷ তাৰ মাজতে গাৱঁৰ একাংশ ডেকা গাভৰুৱে বিহুমাৰি মেজিৰ জুইৰ তাপত আনন্দ কৰিছে (Uruka Celebration at Teok)।

মুঠতে এক সুন্দৰ গ্ৰাম্য পৰিবেশত এইসকল বৰাগাঁওবাসীয়ে উৰুকা নিশা উদযাপন কৰিছে মনৰ জোখেৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.