Bhauna perform at Gargaon College: গড়গাওঁ মহাবিদ্যালয়ত ভাওনা প্ৰদৰ্শন

By

Published : Feb 13, 2023, 2:22 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

শিৱসাগৰ,১৩ ফ্ৰেব্ৰুৱাৰী: দেওবাৰে শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনা(Bhauna perform at Gargaon College in Sivsagar) দিগ্বিজয়, গজকেতু উপাখ্যান, ত্ৰিশিৰাসুৰ বধ শীৰ্ষক ভাওনাখনি প্ৰদৰ্শন কৰা হয় মহাবিদ্য়ালয়খনৰ অধ্যক্ষককে(Principal acts in Bhawna) আদি কৰি অধ্যাপক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা(Bhauna perform at Gargaon College) । ভাওনা উপভোগ কৰে মহাবিদ্যালয়খনৰ একালৰ ছাত্ৰ তথা বৰ্তমানৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে(Cabinet Minister Jogen Mohan) । 

গুৰু শিষ্যৰ অভিনয়ে মুগ্ধ কৰি ৰাখে প্ৰেক্ষাগৃহত উপস্থিত প্ৰতিগৰাকী দৰ্শকক । ভাওনা উপভোগ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকাৰ সময়ত তেওঁ নিজেও এনে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল । সেই সময়ত একাংকিকা নাট প্ৰদৰ্শন কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । মহাবিদ্যালয় সপ্তাহত কৰা আনন্দৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে মন্ত্ৰীগৰাকী । তেওঁ কয় যে তেতিয়াৰ সময় আৰু বৰ্তমানৰ সময়ৰ মাজত যথেষ্ট পাৰ্থক্য আছে । কিন্তু এনে কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত একতাৰ ভাৱ গঢ়ি তোলাৰ লগতে এক সুস্থ সাংস্কৃতিক পৰিৱেশ গঢ় দিব পাৰি ।

আজিৰ তাৰিখত ভাওনা খুবেই প্ৰাসংগিক বুলি উল্লেখ কৰি কয় যে, ভাওনাই আমাৰ মন-মগজু সতেজ কৰি ৰাখে । ভাওনাই এক আধ্যাত্মিকভাৱ গঢ়ি তোলাত সহায় কৰে । সেয়েহে শিক্ষানুষ্ঠানসমূহত এনে অনুষ্ঠান অনুষ্ঠিত কৰাটো খুবেই জৰুৰী । আনহাতে গুৰুজনাৰ সৃষ্টিৰাজীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে মহাবিদ্যালখনে কৰা প্ৰয়াস প্ৰংসনীয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেখেতে এতিয়াও ভাওনাত অভিনয় কৰিবলৈ মন কৰে বুলি উল্লেখ কৰি সেইয়া ৰাজনৈতিক জীৱনৰ ব্যস্ততাৰ বাবে সেয়া সম্ভৱ হৈ নুঠে কলে । উল্লেখ্য, ভাওনা প্ৰদৰ্শনৰ প্ৰাকমুৰ্হূতত "পূৰ্বৰংগ" শীৰ্ষক এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢঞক: Mission Amrit Sarovar: চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যত অবাধে চলিছে বন ধ্বংস কাৰ্য

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.