নদী বান্ধৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদত উত্তাল লখিমপুৰ - lower subanshiri hydro electric project
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16495567-294-16495567-1664354567965.jpg)
লখিমপুৰত নিৰ্মিয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে (protest against NHPC in Lakhimpur)। নিৰ্মীয়মান অৱস্থাতে প্ৰকল্পটোৱে কঢ়িয়াই অনা ভয়াৱহতাৰ বাবে প্ৰকল্পটো বন্ধৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে বিভিন্ন সংগঠন । বুধবাৰে জাতীয় যুৱ বাহিনীৰ উপৰি প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই (Asomiya Yuv Mangha protest against NHPC) । সংগঠনটোৱে কেন্দ্রীয় শক্তি মন্ত্রীৰ জুমুঠি দাহ কৰে । নিৰ্মাণৰত অৱস্থাতে বিপজ্জনক হৈ উঠা প্ৰকল্পটো বন্ধ নকৰিলে অনাগত দিনত তীব্র আন্দোলনে দিল্লী-দিছপুৰ কঁপাই তোলা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে অসমীয়া যুৱ মঞ্চই । উল্লেখ্য় যে বিগত কেইবাদিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷
Last Updated : Feb 3, 2023, 8:28 PM IST