thumbnail

By

Published : Feb 13, 2023, 6:43 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / Videos

Assam Police New Rules : জিলা মুখ্য কাৰ্যালয়ত আৰক্ষী বিষয়াই শুনিব ৰাইজৰ অভিযোগ

যোৰহাট, ১৩ ফেব্ৰুৱাৰী : অসম আৰক্ষীত ব্যাপক সংস্কাৰ সাধিবলৈ সোমবাৰৰ পৰা বলৱৎ হৈছে কিছু নতুন নীতি-নিয়ম (Massive reforms in Assam Police) । সেই অনুসৰি ৰাইজৰ অভাৱ-অভিযোগ শুনিবলৈ প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত প্ৰত্যেকদিনাই থাকিব এজনকৈ অধীক্ষক পৰ্যায়ৰ বিষয়া (Assam police new rules regulations) । জনসাধাৰণ আৰু আৰক্ষীৰ মাজত পাৰস্পৰিক সম্পৰ্ক উন্নত কৰা তথা অভাৱ-অভিযোগৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে (Assam police to hear public complaints) ।

ৰাজ্যৰ অন্য জিলাৰ দৰে যোৰহাটৰ কাৰ্যালয়ত সোমবাৰে আৰক্ষী অধীক্ষক, মঙলবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ), বুধবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ), বৃহস্পতিবাৰে উপ-আৰক্ষী অধীক্ষক (সদৰ), শুকুৰবাৰে উপ-আৰক্ষী অধীক্ষক (বিশেষ শাখা) আৰু শনিবাৰে উপ-আৰক্ষী অধীক্ষক (সীমান্ত শাখা) কাৰ্যালয়ত উপস্থিত থাকি ৰাজহুৱা অভিযোগৰ খতিয়ান লৈ তাৰ সমাধানৰ বাবে তৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব । উক্ত বিষয়াসকল নিৰ্ধাৰিত দিনসমূহত পুৱা ১১.৩০ বজাৰ পৰাৰ দিনৰ ১.৩০ বজালৈ জনসাধাৰণৰ অভাৱ-অভিযোগসমূহৰ প্ৰতিবিধানৰ বাবে উপলব্ধ হ'ব ।

এই ব্যৱস্থা কাৰ্যালয় খোলা থকা প্ৰত্যেক দিনৰ বাবে কাৰ্যকৰী হ'ব । তাপৰ্যপূৰ্ণ যে যদিহে কোনো বিষয়া উক্তদিনা কৰ্মৰ বাবে কাৰ্যালয় বাহিৰত থাকে অথবা ছুটীত থাকে, তেতিয়া সেই দিনটোত পৰৱৰ্তী দিনটোৰ নিৰ্ধাৰিত বিষয়াজনে ৰাজহুৱা অভিযোগ গ্ৰহণকাৰী বিষয়া হিচাপে উপলব্ধ হ'ব । নৱ-নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Assam Police DGP GP Singh) আৰক্ষী বাহিনীক ৰাইজৰ মাজলৈ লৈ গৈ এক সৌহাৰ্দপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব খুজিছে, যাতে জনসাধাৰণৰ মাজৰ পৰা আৰক্ষী প্ৰতি থকা বিৰূপ চিন্তা নাশ হয় ।

আনহাতে, তৎক্ষণাত ৰাইজ তথা জনসাধাৰণে তেওঁলোকৰ সমস্যাবোৰ পোনপটীয়াকৈ যাতে এগৰাকী বিষয়া পৰ্যায়ৰ আৰক্ষীৰ ওচৰলৈ লৈ যাব পাৰে তাৰবাবেই প্ৰত্যেক জিলা সদৰত এই ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, অসম আৰক্ষীয়ে সোমবাৰৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ বাবে আৰক্ষী বিভাগক কৃতজ্ঞতা জ্ঞাপন কৰিছে সচেতন জনসাধাৰণে ।

লগতে পঢ়ক :Shikha Sarma reaction: মুখ্যমন্ত্ৰীৰ বাল্যবিবাহ বিৰোধী অভিযান ওফৰাই পেলোৱাৰ হুংকাৰ শিখা শৰ্মাৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.