thumbnail

By

Published : Jul 26, 2022, 4:36 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Students Protest in Nalabari: মামাৰ পৰা স্কুটী বিচাৰি ৰাজপথ কঁপালে মেট্ৰিক উত্তীৰ্ণ ভাগিনীয়ে

নলবাৰীত স্কুটী বিচাৰি ৰাজপথত ছাত্ৰীৰ প্ৰতিবাদ । ২০২১ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC exam 2021) প্ৰথম বিভাগত উত্তীৰ্ণসকলক স্কুটী প্ৰদান নকৰাত আজি প্ৰতিবাদমুখৰ হৈ পৰিল নলবাৰী (Students protest demanding scooty in Nalbari)৷ স্কুটী লাভৰ পৰা বঞ্চিত শতাধিক ছাত্ৰীয়ে সাব্যস্ত কৰিলে নাপায় প্ৰতিবাদ ৷ উল্লেখ্য যে, ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে স্কুটী প্ৰদানৰ আশ্বাস(Scooty to Assam Students) দিয়াৰ পাছতেই ২০২১ বৰ্ষৰ ছাত্ৰীসকলক মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তুলিছে এইসকল ছাত্ৰীয়ে ৷ প্ৰতিবাদী ছাত্ৰীসকলে ‘‘মামা আমাক স্কুটী দিয়ক’’ শীৰ্ষক শ্ল’গানেৰে কঁপাই তুলিলে নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সম্মুখ ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.