Asam Sahitya Sabha controversy : অসম সংগীত পৰিৱেশনত লাগিল খেলিমেলি
🎬 Watch Now: Feature Video
আকৌ বিতৰ্কৰ মাজত অসম সাহিত্য সভা (Asam Sahitya Sabha controversy)৷ শনিবাৰে সাহিত্য সভাই নতুন সভাপতি সম্পাদক ঘোষণা কৰিয়েই অসম সাহিত্য সভা সোমাই পৰিল বিতৰ্কৰ মাজত ৷ ভুলে শুদ্ধই গালে অসমৰ জাতীয় সংগীত (Incorrectly sang Assamese anthem) ৷ উল্লেখ্য যে, শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰী জিলা পুথিভঁৰালত অসম সাহিত্য সভাৰ সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ ভোট গণনা চলি আছিল । ভোট গণনাৰ অন্তত নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ শেষত জাতীয় সংগীতেৰে সামৰণি মৰা হয় । কিন্তু সকলোৰে উপস্থিতিত অসমৰ জাতীয় সংগীতটো ভুলকৈ পৰিৱেশন কৰে বিদায়ী লগতে নৱ নিযুক্ত অসম সাহিত্য সভাৰ সভাপতিয়ে ৷ ইয়াকে লৈ এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
Last Updated : Feb 3, 2023, 8:36 PM IST