Assam Sahitya Sabha: হাজাৰ হাজাৰ সাহিত্য অনুৰাগীৰ আগমন নাৰায়ণপুৰৰ মনিকাঞ্চন ক্ষেত্ৰলৈ - সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 31, 2023, 2:24 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বিহপুৰীয়া, 31 জানুৱাৰী: আজিৰে পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশন (Asam Sahitya Sabha) । এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মণিকাঞ্চন ক্ষেত্ৰ ৷ ইতিমধ্যেই হাজাৰ হাজাৰ সাহিত্য অনুৰাগী আহি নাৰায়ণপুৰৰ মনিকাঞ্চন ক্ষেত্ৰত উপস্থিত হৈছে ।

আজি পুৱা ৯ বজাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে নামঘৰ উদ্বোধন কৰাৰ লগতে বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰনাৰায়ণ দেৱগোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে নাম প্ৰসঙ্গ অনুষ্ঠিত হয় । ইয়াৰ পিছতে আহোম লোকসকলৰ পবিত্ৰ মে ডাম মেফি কাৰ্যসূচী ৰূপায়ন হয় (Asam Sahitya Sabha Narayanpur conference Start)।

পুৱা ১০ বজাত অধিৱেশনৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ গিৰিশ চন্দ্ৰ ভূঞাই । ইয়াৰ পিছত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ অস্থায়ী মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ৷

ইফালে অতিথিসকল যাতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে প্ৰতিখন উপ-সমিতিয়ে (Assam Sahitya Sabha Narayanpur) ৷ মূল মণ্ডপ, ভোজনালয়, মূল প্ৰৱেশদ্বাৰৰ তোৰণ, গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপনীসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷ প্ৰায় চাৰি হাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰা হৈছে ।  

সভাস্থলীৰ সমীপত প্ৰায় ৪০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ।৬ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ’ব লগা এই অধিৱেশনৰ ৭০০ পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো সম্পূৰ্ণ হৈছে । সোমবাৰে নিশাৰ ভিতৰতে বাকী থকা কাম-কাজ সমূহো সম্পূৰ্ণ কৰি তুলিছিল ৷ অধিবেশনলৈ আহিব লগা অতিথি তথা প্ৰতিনিধি, অধিবেশনৰ বিভিন্ন দায়িত্বত থকা লোকসকল আৰু আদৰণি সমিতিৰ বিষয়ববীয়া সকলে আহাৰ গ্ৰহণ কৰিব পৰাকৈ দুটাকৈ ভোজনালয় গৃহ সাজু কৰা হৈছে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.