thumbnail

By

Published : Aug 8, 2022, 8:27 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

Elephant stuck in mud: কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ বন্যহস্তী

কলিয়াবৰৰ কেলিডেন চাহ বাগিচা চৌহদৰ বোকাত আবদ্ধ এটা বন্যহস্তী (Elephant stuck in mud) ৷ মাখুন্দী উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত টুঙীয়া পাহাৰৰ নামনিত হোলাত আবদ্ধ আনুমানিক ৪৫ বছৰীয়া এই হাতীটো । বন বিভাগৰ সন্দেহ কোনো অন্য হাতীৰে হোৱা সংঘৰ্ষৰ ফলতেই আহত হৈছে হাতীটো । হাতীটোক উদ্ধাৰৰ বাবে বনবিভাগে যৎপৰনাস্তি চেষ্টা অব্যাহত ৰাখিছে । ইফালে দুৰ্গম অঞ্চলত ঘটনাটো সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বনবিভাগৰ লোক । ইতিমধ্যে বন বিভাগে হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে । পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.