thumbnail

By

Published : Jul 24, 2022, 5:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ETV Bharat / Videos

Sexual Harassment by Teacher: বনকৰা কিশোৰীক যৌন আতিশয্য চলাই পলাতক শিক্ষক

এগৰাকী শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী বনকৰা কিশোৰী । নগাঁৱৰ কচুৱা চানখোলাত সংঘটিত হৈছে এই জঘন্য ঘটনা (Sexual Harassment by Teacher in Nagaon)। শিক্ষক আব্দুল মন্নানৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ । উল্লেখ্য যে, বিগত বহুদিন ধৰি শিক্ষক আব্দুল মন্নানৰ ঘৰত কাম কৰি আছিল কিশোৰীগৰাকী । কিশোৰীগৰাকীৰে শিক্ষকজন অপকৰ্মত লিপ্ত হৈ থকা অৱস্থাতে ৰাইজে হাতে লোটে ধৰা পেলাইছিল কিছুদিন পূৰ্বে । ইয়াৰ পাছৰে পৰা পলাতক অৱস্থাত আছে শিক্ষকজন ৷ বৰ্তমানে পলাতক অৱস্থাত থকা শিক্ষক আব্দুল মন্নানৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালৰ লোকে কচুৱা আৰক্ষী থানাত(Kachua Police Station) এজাহাৰ দাখিল কৰিছে ৷ ইপিনে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তি নিয়োজিত আব্দুল মন্নানৰ দুষ্কাৰ্য‌ই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সবৰ্ত্ৰে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.