চচলত সদৌ অসম ট্রাইবেল সংঘৰ উত্তাল প্ৰতিবাদ - চচলত সদৌ অসম ট্রাইবেল সংঘৰ উত্তল প্ৰতিবাদ
🎬 Watch Now: Feature Video
অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল মহানগৰীৰ চচলৰ ধৰ্ণাস্থলী । জনজাতিসকলৰ বিভিন্ন সমস্যা সমধান ৰ দাবী তুলি সদৌ অসম ট্ৰাইবেল সংঘ(All Assam Tribal Association protest in Guwahati)আৰু ট্ৰাইবেল ইয়ুথ লীগৰ উদ্যোগত গুৱাহাটীৰ চচলস্থিত ধৰ্ণাস্থলীত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী সকলে ভূমি সুৰক্ষা, জনজাতি বন অধিকাৰ স্বীকৃতি আইন ২০০৬ অনুযায়ী জনজাতি বনবাসীক ভূমিস্বত্ব প্ৰদান, ট্ৰাইবেল, বেল্ট ব্লক এলেকাৰ পৰা বে-দখলকাৰী,"পূৰ্বাঞ্চল চিমেণ্ট","চুপাৰ লাইট ব্লক ইণ্ডাষ্ট্ৰী" আদিৰ দৰে অবৈধ কল কাৰখানা উচ্ছেদ কৰাৰ বাবে চৰকাৰক দাবী জনায় ।প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখনি স্মাৰকপত্ৰ দিছপুৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী সোনাপুৰৰ ট্ৰাইবেল বেল্ট/ব্লকত বেদখল কৰি থকা পূর্বাঞ্চল চিমেন্ট কোম্পানীক আৰু অবৈধ কল কাৰখানাসমূহ উচ্ছেদ কৰাৰ দাবীৰ সমৰ্থনত অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে । তেওঁলোকৰ অভিযোগ অনুসৰি অসমৰ ভূমিপুত্ৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সহজ সৰল লোকৰ ভূমি, ভূমিলোভী বহিৰাগতৰ পৰা সুৰক্ষিত কৰিবৰ বাবে গঠন কৰা জনজাতি খণ্ড আৰু বেষ্টনী আজি সংকটৰ গৰাহত ।
Last Updated : Feb 3, 2023, 8:27 PM IST