No plan to join in Politics: নোসোধাকৈ বাতৰি প্ৰকাশ কৰিব নালাগিছিল, দুখেৰে ক’লে বৰষাই

By

Published : Jan 17, 2023, 6:24 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজনীতিলৈ আহিব নেকি অভিনেত্রী বৰষাৰাণী বিষয়া ? বিগত কিছুদিন ধৰি এই প্ৰশ্নই বিশেষ চৰ্চা লাভ কৰিছে । আনকি কংগ্ৰেছ দলে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে অভিনেত্রী বৰষাৰ‍াণী বিষয়াক প্ৰক্ষেপ কৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰা বুলিও চৰ্চা চলিছে (Barsha Rani Bishaya in Politics)। ৰাজ্যজুৰি এই বিষয় চৰ্চিত হৈ থকাৰ সময়তে মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই । 

সামাজিক মাধ্যম যোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ৰাজনীতিলৈ অহাৰ তেওঁৰ কোনো পৰিকল্পনা নাই (Barsha does not think to join politics) । ৰাজনীতিলৈ আহিব বুলি চৰ্চা চলি থকা বিষয়টো সন্দৰ্ভত তেওঁ অবগত নহয় । সমগ্ৰ বিষয়টো মিছা বুলি সদৰী কৰি তেওঁ কয় যে, তেওঁৰ লগত ৰাজনীতিত জড়িত হোৱাৰ কোনোধৰণৰ আলোচনা চলা নাই (Barsha rani does not planning to join politics)। 

নতুনকৈ সংসাৰ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে, পেছাগত অভিনয়ৰ ক্ষেত্রখনত কৰিবলগীয়া বহুত কাম আছে । জাতিৰ বাবে সদায় কাম কৰি যাব বুলি সদৰী কৰি তেওঁ কয় যে ৰাজনীতিৰ কথা তেওঁ চিন্তা কৰা নাই । বৰ্তমান তেওঁ ব্যক্তিগত আৰু পেছাগত জীৱন লৈ ব্যস্ত হৈ থকা বুলি জানিবলৈ দিয়ে ।

ইয়াৰোপৰি তেওঁৰ পৰা কোনো মতামত গ্ৰহণ নকৰাকৈ সংবাদ মাধ্যমে বাতৰিটো সম্প্ৰচাৰ কৰাৰ বাবে দুখ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে (Barsha Rani unhappy with media) ৷ বাতৰি প্ৰচাৰৰ পূৰ্বে খবৰ নকৰি বাতৰি প্ৰকাশৰ পাচত মন্তব্য বিচৰা কাৰ্যত দুখ পোৱা বুলি তেওঁ মন্তব্য কৰে ৷ সেয়ে তেওঁ নিজে চ’ছিয়েল মিডিয়াৰ যোগেদি শুদ্ধ ৰূপত বিষয়টো ৰাইজৰ বাবে আগবঢ়োৱা বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.