CAA will be implemented : অমিত শ্বাহক সকীয়নি আছুৰ সাধাৰণ সম্পাদকৰ - অমিত শ্বাহক সকীয়নি আছুৰ সাধাৰণ সম্পাদকৰ
🎬 Watch Now: Feature Video

পশ্চিমবংগৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে কা' বলৱৎ কৰা হ'ব (Amit Shah says CAA will be implemented)। এই ঘোষণাৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে মন্ত্ৰীগৰাকীৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । সদৌ অসম ছাত্ৰ সন্থাইও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (AASU reacts to Amit Shah's comments about CAA)। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই গৃহ মন্ত্ৰীক তীব্ৰ প্ৰত্যাহ্বান জনায় । তেওঁৰ মতে অসমত এই আইন কেতিয়াও মানি লোৱা নহ'ব (CAA will never be accepted in Assam)। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা' বলৱৎ কৰিলে অসমত পূৰ্বৰ পৰিৱেশ ঘূৰি আহিব বুলি তেওঁ হুংকাৰ দিয়ে । তেওঁৰ মতে অসমত কেতিয়াও অবৈধ বিদেশী নাগৰিকক আহিবলৈ দিয়া নহ'ব ।
Last Updated : Feb 3, 2023, 8:23 PM IST