100 years of Nat Mahotsav: ধেমাজিত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নাট মহোৎসৱৰ শতবাৰ্ষিকী

By

Published : Nov 25, 2022, 10:32 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
ধেমাজিত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে 24 নৱেম্বৰৰ পৰা অন্যতম পুৰণি নাট প্ৰতিযোগিতা নগাখেলিয়া গাঁও নাটৰ শতবাৰ্ষিকী বিস্তৃত কাৰ্যসূচী উৎসাহ উদ্দীপনাৰে আৰম্ভ কৰা হৈছে (100 years of Nat Mahotsav celebrated ) ৷ প্ৰথম দিনা পুৱা ১১ বজাত শতবাৰ্ষিকীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি আদিত্য হাজৰিকাই ৷ স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদক ৰুবুল দত্তই ৷ ইফালে শতবাৰ্ষিকী উপলক্ষে প্ৰায় তিনিশটা পৰিয়াল থকা ঐতিহ্যমণ্ডিত ধেমাজি নগাখেলিয়া গাঁৱৰ এই নাট প্ৰতিযোগিতাখনি ১৯২২ চনতে আৰম্ভ হৈছিল আৰু ধাৰাবাহিকভাৱে আজি পৰ্যন্ত অনুষ্ঠিত হৈ আহিছে ৷ লক্ষণীয় যে এই শতবাৰ্ষিকী নাট মহোৎসৱত ব্যতিক্ৰমী জোৱাঁই সন্মিলন অনুষ্ঠিত হোৱাৰ উপৰি কেইবাখনো নাট প্ৰদৰ্শন তথা সাংস্কৃতিক অনুষ্ঠান আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা নগৰৰ মাজেৰে উলিওৱা হয়। ২৬ নৱেম্বৰৰ নিশা সাংস্কৃতিক অনুষ্ঠানেৰে এই বিশেষ আয়োজনৰ সামাৰণি পৰিব ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.